অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ছুইজাৰলেণ্ডৰ দাবোছত অনুষ্ঠিত হোৱা বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰি ভাৰতৰ সোণালী যুগ আৰম্ভ হৈছে আৰু দেশ দ্ৰুতগতিত বিকাশৰ দিশে আগবাঢ়িব বুলি মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰি কয় যে ভাৰতীয় গণতন্ত্ৰই স্থিতিশীলতা প্ৰদান কৰে আৰু সকলোৱে উন্নত ভাৰত-২০৪৭ৰ লক্ষ্যত বিশ্বাসী।
বুধবাৰে নিশা সাংবাদিক, কেন্দ্ৰীয় মন্ত্ৰী আৰু আন আন সমকক্ষৰ সৈতে মত বিনিময় কৰি নাইডুৱে কয় যে ভাৰত অতি দ্ৰুতগতিত আগবাঢ়িছে… বিশ্বৰ দৃষ্টি নিৱদ্ধ আৰু তেওঁলোকে এতিয়া ভাৰতৰ ফালে চাই আছে। ভাৰতত আৰম্ভ হৈছে সোণালী যুগ।
ব্লুমবাৰ্গ এনালিটিক্সৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী নাইডুৱে কয় যে ২০২৮ চনৰ পৰা ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হ’ব আৰু তাৰ পিছত দেশ “ৰৈ নাথাকে”। তেওঁ কয় যে ‘ব্ৰেণ্ড ইণ্ডিয়া’ ১০ বছৰৰ আগৰ তুলনাত বহু শক্তিশালী হৈছে।
তেওঁ লগতে আলোকপাত কৰে যে আজি সমগ্ৰ বিশ্বই কৈছে যে ভাৰত অতি দ্ৰুতগতিত আগবাঢ়িছে আৰু “কিছুমান লোকে হয়তো ঈৰ্ষা কৰিব” কিন্তু সম্ভাৱনা বৃহৎ।