৭৬ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটী মহানগৰীত বিৰাজ কৰিছে বোমাতংকৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যবাসীয়ে উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তে গুৱাহাটীৰ বেহাৰবাৰী, ৰিহাবাৰী, কটাহবাৰী আৰু বেতকুছিত বোমাতংকই বিৰাজ কৰিছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আটাইকেইটা স্থানতে আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে বিস্ফোৰক সামগ্ৰীৰ উপস্থিতিৰ সন্দেহত ঘটনাস্থলত বোমা স্কোৱাডৰ দলো উপস্থিত হৈছে।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী।
ইফালে বেহাৰবাৰীত সংঘটিত হয় এক বিস্ফোৰণৰ শব্দ। ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী। অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।
তদন্তৰ পিছত আৰক্ষীয়ে কি মন্তব্য কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।