ভাৰতৰ চুবুৰীয়া দেশসমূহত হিন্দুসকলৰ সুৰক্ষাৰ বিষয়টো মহাকুম্ভত উত্থাপন হৈছে। জুনা আখৰাৰ মহামণ্ডলেশ্বৰ য়েতি নৰসিংহানন্দৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি লিখিছে।
এই পত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ আৰু পাকিস্তানৰ হিন্দুসকলক সুৰক্ষা দিবলৈ অনুৰোধ জনাইছে। মহাকুম্ভৰ শ্ৰী দুধেশ্বৰনাথ মঠৰ শিবিৰত তেওঁ এই পত্ৰ লিখিছে।
য়েতি নৰসিংহনন্দই সাংবাদিকৰ সন্মুখত উল্লেখ কৰে যে, পত্ৰখনত তেওঁ বাংলাদেশ আৰু পাকিস্তানত বসবাস কৰা হিন্দুসকলক সুৰক্ষা প্ৰদানৰ বাবে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ জনাইছে।
লগতে তেওঁ কয় যে, এতিয়া লিখা এই পত্ৰখন সকলো সনাতনী ধৰ্মগুৰু ওচৰলৈ লৈ যাব আৰু এই পত্ৰৰ সমৰ্থনত চহী কৰিবলৈ অনুৰোধ জনাব। শ্ৰী মহন্ত নাৰায়ণ গিৰিজী মহাৰাজেও এই পত্ৰত স্বাক্ষৰ কৰিছে। তেওঁ কৈছে যে, প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ প্ৰতিজন হিন্দুক সুৰক্ষাৰ দায়িত্ব ল’ব লাগিব।