উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত মৌনি অমাৱস্যাৰ দিনা সংঘটিত হোৱা পদপিষ্টৰ ঘটনাক লৈ চলি আছে ৰাজনীতি। সংসদটো উত্থাপিত হৈছে এই বিষয়টো। ইয়াৰ মাজতে সমাজবাদী পাৰ্টিৰ সাংসদ জয়া বচ্চনে কৰিছে এটা বিতৰ্কিত মন্তব্য।
সংসদ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীয়ে কুম্ভৰ পানীক আটাইতকৈ লেতেৰা বুলি আখ্যা দিছে।
জয়া বচ্চনে কয়, ‘বৰ্তমান পানী ক’ত বেছি প্ৰদূষিত? এয়া কুম্ভত। মৃতদেহসমূহ (পদপিষ্টৰ ঘটনাত মৃত্যু হোৱাসকলৰ) নদীত পেলাই দিয়া হৈছে, যাৰ বাবে পানী প্ৰদূষিত হৈছে। প্ৰকৃত বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই।’
উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনে কয়, ‘কুম্ভলৈ অহা সাধাৰণ লোকে কোনো বিশেষ সুবিধা লাভ কৰা নাই, তেওঁলোকৰ বাবে কোনো ব্যৱস্থা নাই।’
ইফালে কোটি-কোটি লোকে মহাকুম্ভত স্নান কৰা বুলি চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যাক মিছা বুলি অভিহিত কৰি বচ্চনে কয়, ‘তেওঁলোকে (চৰকাৰে) মিছা কথা কৈছে যে সেই ঠাইলৈ কোটি কোটি মানুহ আহিছে। ইমান বৃহৎ সংখ্যক লোক একে সময়তে তাত কেনেকৈ গোট খাব পাৰে?’
উল্লেখ্য যে, মৌনী অমাৱস্যাৰ দিনা মহাকুম্ভত বৃহৎ সংখ্যক ভক্তৰ সমাগম ঘটিছিল আৰু সেই সময়তে ভক্তসকলৰ মাজত হেচা থেলা হোৱাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু ভক্ত আহত হয়।