অন্ত পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। আজি সন্ধিয়া ৬ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৮ ফেব্ৰুৱাৰীত হ’ব ভোটগণনা।
প্ৰচাৰৰ অন্তিম দিনটোত শাসক-বিৰোধীৰ প্ৰতিগৰাকী ডাঙৰ-ডাঙৰ নেতাই জোৰদাৰ প্ৰচাৰ চলায়। ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ১.৫৬ কোটি জনতাই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।
ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ এগজিট প’ল নিষিদ্ধ কৰিছে। এই সন্দৰ্ভত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক নিৰ্দেশণাও জাৰি কৰিছে। ভোটদান সমাপ্ত হোৱাৰ পিছতহে সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিব পাৰিব এগজিট প’ল।
দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি দিল্লীত ভোটগ্ৰহণৰ বাবে ১৩ হাজাৰ ৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে। ইয়াৰ ভিতৰত ৮৩.৭৬ লাখ পুৰুষ, ৭২.৩৬ লাখ মহিলা আৰু ১২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত হৈছে ৭৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ।