দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সন্ধিয়া ৬ বজাৰ ভিতৰত ইভিএমত ভোটদান কৰি ১.৫৬ কোটিৰো অধিক ভোটাৰে ৭০খন বিধানসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰা ৭০০ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় হ’ব।
দিল্লীৰ ১৩,৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা আসন আৰু তামিলনাডুৰ ইৰোড আসনৰ উপ-নিৰ্বাচনৰ বাবেও ভোটদান কৰা হ’ব।
দিল্লীত অৰবিন্দ কেজৰিৱালে নিজ চৰকাৰী আঁচনিৰ ভিত্তিত পুনৰবাৰ ক্ষমতালৈ অহাৰ দাবী কৰিছে। একে সময়তে ২৫ বছৰতকৈও অধিক সময়ৰ পাছত পুনৰ বিজেপিয়ে দিল্লীত চৰকাৰ গঠনৰ দাবী কৰিছে।
নিৰ্বাচন আয়োগে অৰ্ধসামৰিক বাহিনীৰ ২২০টা কোম্পানী, ৩৫,৬২৬জন দিল্লী আৰক্ষীৰ জোৱান আৰু ১৯,০০০ হোমগাৰ্ডক ভোটদান চলাবলৈ নিয়োগ কৰিছে। প্ৰায় ৩০০০ ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ। ইয়াৰে কিছুমান স্থানত ড্ৰ’নেৰে নিৰীক্ষণ কৰা হ’ব। ইয়াৰ উপৰিও অতিৰিক্ত আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব।
এই সমগ্ৰ ৰাজনৈতিক যুদ্ধৰ মাজতে নিৰ্বাচন আয়োগেও ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে, ৩ জনীয়া আয়োগে অনুভৱ কৰিছে যে দিল্লী নিৰ্বাচনত আয়োগক বদনাম কৰাৰ বাৰে বাৰে আৰু ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু আয়োগে এই বিবৃতিত কোনো ৰাজনৈতিক দলৰ কথা উল্লেখ কৰা নাই।
অহা ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব এই নিৰ্বাচনৰ ফলাফল।