বৃহস্পতিবাৰে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। এই খেলখনৰ পূৰ্বে নাগপুৰত সংবাদমেল অনুষ্ঠিত কৰে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। এই সময়ত ৰোহিতে বৰুণ চক্ৰৱৰ্তীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
শেহতীয়াকৈ টি-২০ ছিৰিজত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত যদি বৰুণে উজ্জ্বল-প্ৰদৰ্শন কৰে, তেন্তে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে সুযোগ লাভ কৰিব পাৰে বুলি ৰোহিতে কয়।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত বৰুণ চক্ৰৱৰ্তীয়ে মাৰাত্মক বল দিয়ে। তেওঁ ৫খন মেচত ১৪টা উইকেট দখল কৰে। বৰুণক এই ছিৰিজৰ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ আগতেও তেওঁ বহুবাৰ নিজৰ যাদু দেখুৱাইছে।
ভাৰতৰ হৈ বৰুণে ১৮খন টি-২০ মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ৩৩টা উইকেট দখল কৰে। অৱশ্যে তেওঁ এতিয়াও এদিনীয়া খেলৰ সুযোগ পোৱা নাই। এতিয়া তেওঁ এদিনীয়া অভিষেকৰো স্থান দখল কৰিব পাৰিব।
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতে ঘোষণা কৰিছে দল। ৰোহিত শৰ্মা, শুবমান গিল, যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলী টীম ইণ্ডিয়াত অন্তৰ্ভূক্ত।
ভাৰতে শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰকো সুযোগ দিছে। উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল আৰু ঋষভ পন্তকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। বলিং বিভাগত কুলদীপ যাদৱ, আৰ্শদ্বীপ সিং, মহম্মদ ছামি আৰু জস্প্ৰিত বুমৰাহক সুযোগ দিয়া হৈছে।