আৰম্ভ হৈছে ICC চেম্পিয়নছ ট্ৰফী ২০২৫ৰ কাউণ্টডাউন। এতিয়া এই প্ৰতিযোগিতা আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। পিছে মিনি ৱৰ্ল্ডকাপ নামৰ এই ICC টুৰ্ণামেণ্টখন বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছে।
১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু ডুবাইত আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। এই ICC প্ৰতিযোগিতাত আঠটা দলে অংশগ্ৰহণ কৰিছে। সকলো দলে নিজৰ দল ঘোষণা কৰাৰ লগতে প্ৰতিযোগিতাখনৰ সময়সূচীও ঘোষণা কৰা হৈছে।
অৱশ্যে এইবাৰ চেম্পিয়নছ ট্ৰফীক লৈ বহু বিতৰ্ক দেখা গৈছে। বাতৰিৰ শিৰোনাম দখল কৰা কেইটামান ডাঙৰ বিতৰ্কৰ বিষয়ে জানো আহক-
এইবাৰ পাকিস্তানে আয়োজন কৰিছে ICC টুৰ্ণামেণ্ট। কিন্তু নিৰাপত্তাজনিত কাৰণত টীম ইণ্ডিয়াই পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত ICC য়ে হাইব্ৰিড মডেলত অনুমোদন জনায়।
ভাৰতীয় দলটোৱে এতিয়া নিজৰ সকলো মেচ ডুবাইত খেলিব। কিন্তু যদিহে টীম ইণ্ডিয়াই ছেমি ফাইনেল আৰু তাৰ পিছত ফাইনেলত প্ৰৱেশ কৰে, তেতিয়া এই মেচসমূহ ডুবাইত অনুষ্ঠিত হ’ব, অথবা কেৱল পাকিস্তানতহে অনুষ্ঠিত হ’ব।
সাধাৰণতে এই প্ৰতিযোগিতাখনত আয়োজন কৰা দেশখনৰ নাম সকলো দলৰ জাৰ্চিত থাকে। কিন্তু ভাৰতৰ জাৰ্চিত পাকিস্তানৰ নাম নাথাকিব বুলি খবৰ ওলাইছিল। এই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ICC ৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অৱশ্যে পিছত স্পষ্ট হৈ পৰিল যে, টীম ইণ্ডিয়াৰ জাৰ্চিত পাকিস্তানৰ নাম লিখা থাকিব। BCCIৰ সম্পাদক দেৱজিৎ শইকীয়াই কৈছে যে, তেওঁলোকে ICC ৰ নিৰ্দেশনা মানি চলিব।
শেহতীয়াকৈ ICC য়ে চেম্পিয়নছ ট্ৰফীৰ আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ ঘোষণা কৰিছে। কিন্তু তাত এজনো ভাৰতীয় নাম অন্তৰ্ভুক্ত হোৱা নাই। প্ৰতিবেদন অনুসৰি, ভাৰতীয় দলটোৱে ভাৰতীয় আম্পায়াৰ নীতিন মেননক ICC চেম্পিয়নছ ট্ৰফীৰ ৰষ্টাৰত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল, যদিও ব্যক্তিগত কাৰণত নীতিনে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে।