১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। পাকিস্তানে আন ৭টা দলৰ পিছত শেষবাৰৰ বাবে নিজৰ দল ঘোষণা কৰে। ইয়াত ১৫ জন খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে।
মহম্মদ ৰিজৱানে এই দলটোৰ নেতৃত্ব দিব। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত পাকিস্তান দলৰ আটাইতকৈ ধনী খেলুৱৈগৰাকীৰ বিষয়ে জানো আহক-
মহম্মদ ৰিজৱান চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান দলৰ অধিনায়ক যদিও তাৰকা বেটছমেন বাবৰ আজম তেওঁৰ তুলনাত অধিক ধনী। বাবৰ আজমৰ সম্পত্তি ৪৩ কোটি টকা।
একে সময়তে দলৰ অধিনায়ক ৰিজৱানৰ সম্পত্তিৰ পৰিমাণ ৪০ কোটি টকা।তাৰকা বেটছমেন আৰু বিস্ফোৰক অ’পেনাৰ ফখৰ জামানৰ মুঠ সম্পত্তি ১৭ কোটি টকা বুলি কোৱা হৈছে।
আনহাতে, মিডল অৰ্ডাৰ বেটছমেন কামৰাণ গুলামৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ লাখ ডলাৰ (৫ কোটি)। সাউদ শ্বাকিলৰ মুঠ সম্পত্তি ৮ৰ পৰা ১০ কোটি টকাৰ ভিতৰত। তায়াব তাহিৰৰ সম্পত্তিৰ কথা ক’বলৈ গ’লে তেওঁৰ হাতত আছে ৩২ কোটি টকাৰ সম্পত্তি।
ফহীম আশ্ৰফৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮ কোটি টকা। খুছদিল শ্বাহৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫.৬৯ কোটি টকা।পাকিস্তানৰ স্পিনাৰ আব্ৰাৰ আহমেদৰ সম্পত্তিৰ পৰিমাণ ১০ লাখ মাৰ্কিন ডলাৰ।
পাকিস্তানী দলৰ তাৰকা বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদিৰ সম্পত্তিৰ পৰিমাণ চালে তেওঁ বৰ্তমানৰ পাকিস্তান দলৰ অন্যতম ধনী খেলুৱৈ। তেওঁৰ সম্পত্তি ৫৫ কোটিতকৈও অধিক।