কটক এদিনীয়াত ৰোহিত শৰ্মাই এক উজ্জ্বল শতক অৰ্জন কৰি টীম ইণ্ডিয়াক এক আচৰিত জয় প্ৰদান কৰে। দীৰ্ঘদিন ধৰি দুৰ্বল ফৰ্মত থকা ৰোহিতে অৱশেষত সেই ইনিংছ খেলিলে যাৰ বাবে তেওঁ পৰিচিত।
ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৯০টা বলত ১১৯ ৰানৰ ইনিংছ খেলে ভাৰতীয় অধিনায়কগৰাকীয়ে। এই ইনিংছত তেওঁ ৭টা ছয় আৰু ১২টা চাৰি কৰিবলৈ সক্ষম হয়।
এই ইনিংছৰ পিছত ৰোহিতে অতি আৱেগিক হৈ পৰে।শতক অৰ্জন কৰাৰ পিছতে বিচিচিআইৰ ভিডিঅ’ত দেখা গ’ল ৰোহিত শৰ্মাক।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰোহিত শৰ্মাৰ ওপৰত মানসিক চাপ আছিল। অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁ দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছিল।
জানুৱাৰী মাহত বেটিঙত ব্যৰ্থ প্ৰদৰ্শনৰ বাবে তেওঁ নিজকে প্লেইং এলেভেনৰ পৰা বাদ দিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষৰখন টেষ্টত অংশগ্ৰহণ কৰা নাছিল।
কিন্তু কটকত ৰোহিতৰ এই প্ৰদৰ্শনে সকলোকে উপযুক্ত উত্তৰ দিলে। টীম ইণ্ডিয়াৰ বাবে সু-খবৰটো হ’ল ভাৰতীয় অধিনায়কগৰাকীয়ে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ফৰ্মলৈ ঘূৰি আহিছে।