বলীউডৰ প্ৰখ্যাত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ চেহেৰা সম্পৰ্কে সন্মুখীন হোৱা কঠোৰ সমালোচনাৰ পৰিপ্ৰেক্ষিতত অলপতে তেওঁ নিজকে হিন্দী চলচ্চিত্ৰ জগতৰ আটাইতকৈ কুৎসিত অভিনেতা বুলি অভিহিত কৰিছে।
এটা বিশেষ সাক্ষাৎকাৰত ছিদ্দিকীয়ে আত্মসন্মানত আঘাত কৰা নেতিবাচক সমালোচনাৰ কথা উল্লেখ কৰি কয়, ‘মই নাজানো কিয় কিছুমান লোকে মোৰ চেহেৰাক ঘৃণা কৰে। হয়তো ইয়াৰ কাৰণ হ’ব পাৰে যে মই দেখাত যথেষ্ট কুৎসিত। আনকি যেতিয়া মই নিজকে আইনাত চাওঁ তেতিয়াও মই এইটো অনুভৱ কৰো। মই প্ৰশ্ন কৰো যে মই কিয় ইমান বেয়া চেহেৰাৰে চলচ্চিত্ৰ উদ্যোগলৈ আহিছিলো!’
নৱাজুদ্দিনে নিজেই স্বীকাৰ কৰিছে যে নিৰন্তৰ নেতিবাচক প্ৰতিক্ৰিয়াই তেওঁৰ নিজৰ বিষয়ে ধাৰণাক প্ৰভাৱিত কৰিছে। সেই বিষয়ে তেওঁ কয়, ‘মই ইমান দিন ধৰি মোৰ চেহেৰাৰ কথা শুনিহে আছিলো কিন্তু এতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছো। চলচ্চিত্ৰ উদ্যোগ সম্পৰ্কে মোৰ কোনো অভিযোগ নাই। সমালোচনা স্বত্বেও ছিদ্দিকীয়ে প্ৰতিভাত বিশ্বাস কৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।’
তেওঁ সাক্ষাৎকাৰটোত তেওঁক কাষ্টিং কৰা সকলো পৰিচালকক ধন্যবাদ জনায়। সমাজত বৈষম্যমূলক আচৰণ আছে যদিও চলচ্চিত্ৰ উদ্যোগত প্ৰতিভাৰ সন্মুখত তাৰ কোনো মান্যতা নাই বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে।
চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপেও শেহতীয়াকৈ চলচ্চিত্ৰ উদ্যোগত শাৰীৰিক ৰূপৰ ওপৰত আধাৰিত বৈষম্যৰ বিষয়ে কৈছিল। জেনিছ চেকুয়েৰাৰ সৈতে হোৱা বাৰ্তালাপত কাশ্যপে মন্তব্য কৰে যে এই উদ্যোগটোৱে মানুহক সন্মান নকৰে। উদ্যোগটোৱে ভাৱে যে নৱাজুদ্দিন গাঢ় ছালৰ তথা পংকজ ত্ৰিপাঠী দেখাত স্বাভাৱিক বা মনোজ বাজপেয়ী এজন গাঁৱলীয়া লোক! বহু লোকে মানুহক এনেদৰেই বিভাজন কৰে।
উল্লেখ্য যে, বৰ্তমান নৱাজুদ্দিন ছিদ্দিকীয়ে উত্তৰাখণ্ডৰ এখন সৰু গাঁৱত নিৰ্মাণ কৰা ৰৌতু কা ৰাজ নামৰ ছবিখনত অভিনয় কৰি আছে। কঠোৰ প্ৰত্যাহ্বান স্বত্বেও নিজৰ প্ৰতিভাৰ বলত ছিদ্দিকীয়ে সমালোচকৰো প্ৰশংসা লাভ কৰিছে আৰু চলচ্চিত্ৰ উদ্যোগত নিজৰ স্থিতি অটল কৰি ৰাখিছে।