দাঁতৰ গহ্বৰৰ সমস্যা যিকোনো বয়সৰ যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে হ’ব পাৰে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ মুখৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
এই সমস্যা বেছিভাগেই সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা দিয়ে কাৰণ কেতিয়াবা দাঁত ব্ৰাছ কৰিবলৈও অনিচ্ছা প্ৰকাশ কৰে আৰু লগতে মিঠাইও বহুত খায়। যাৰ বাবে হঠাতে দাঁতত তীব্ৰ বিষ অনুভৱ কৰিব পাৰে।
যদি ই গুৰুতৰ হৈ পৰে, তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ঘৰুৱা উপায় আছে, যিবোৰ দাঁতৰ গহ্বৰৰ বিষৰ পৰা উপশম পোৱাত অতি উপযোগী হয়।
যদি আপুনিও এই সমস্যাত ভুগিছে, তেন্তে জানি লওক কোনবোৰ ঘৰুৱা উপায় আপোনাৰ বাবে উপযোগী হ’ব পাৰে-
নিমখ পানী
দাঁতৰ গহ্বৰৰ অৰ্থাৎ দাঁতৰ ক্ষয় আৰু বিষৰ পৰা সকাহ পোৱাৰ আটাইতকৈ সহজ উপায় হ’ল কুহুমীয়া নিমখীয়া পানীৰে মুখ ধুই পেলোৱা। ইয়াৰ ফলত বেক্টেৰিয়া আৰু প্ৰদাহ কমি যায়। ইয়াৰ দ্বাৰা কেৱল দাঁতৰ বিষৰ পৰা সকাহ পোৱাই নহয়, দাঁতক বীজাণুৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে।
তেল সনা
দাঁতত তেল সানিলে মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ ক্ষয় কমি যায়। ইয়াৰ বাবে আধা চামুচ খাব পৰা নাৰিকল তেল লৈ মুখত এনেদৰে ৰাখিব লাগে যাতে দাঁতত ভালদৰে বিয়পি পৰে। প্ৰায় ২০ মিনিটৰ পিছত ধুই পেলাব লাগে।
হালধি
প্ৰাকৃতিক মৌখিক বেক্টেৰিয়া হ্ৰাস কৰিবলৈ হালধি এক উত্তম উপাদান। হালধি পিহি পেষ্ট বনাই আক্ৰান্ত দাঁতটোত লগাব লাগে। ইয়াৰ উপৰিও নহৰু চোবাই খাব পাৰে। ইয়াৰ পৰা বহুত লাভৱান হ’ব পাৰি।
লৱণ তেল
দাঁতৰ বিষ, দাঁতৰ গুৰি ফুলা কমোৱাত লৱণৰ তেল অতি ফলপ্ৰসূ। ইয়াৰ বিষনাশক আৰু এন্টি বেক্টেৰিয়াল গুণ আছে। চিকিৎসকেও ইয়াক ব্যৱহাৰ কৰে। লৱণ তেলত কপাহ ডুবাই আক্ৰান্ত দাঁতৰ তলত হেঁচা মাৰি ধৰিলে দাঁতৰ বিষৰ পৰা ৰক্ষা পাব পাৰি।