জম্মু-কাশ্মীৰৰ আখনুৰ ছেক্টৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটা ফৰৱাৰ্ড পোষ্টত সংঘটিত আইইডি বিস্ফোৰণত সেনাৰ এজন কেপ্টেইন আৰু এজন জোৱান শ্বহীদ হয়। এই বিস্ফোৰণত আন এজন জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।
পেট্ৰ’লিং কৰি থকা সময়তে জোৱানসকলে আইইডি বিস্ফোৰণৰ কৱলত পৰে। সন্ত্ৰাসবাদীয়ে এই আইইডিটো সংস্থাপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই থকা হৈছে।
লাভ কৰা খবৰ অনুসৰি, মঙলবাৰে বিয়লি প্ৰায় ৩.৫০ বজাত এই বিস্ফোৰণ সংঘটিত হয়। সেনাৰ এটা দলে নিয়মীয়া পেট্ৰ’লিং চলাই থকাৰ সময়তে সীমান্তত এই বিস্ফোৰণ ঘটে। বিস্ফোৰণটোত এজন সেনা বিষয়াৰ লগে তিনিজন জোৱান গুৰুতৰভাৱে আহত হয়। লগে লগে জোৱান কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।