অষ্ট্ৰেলিয়াই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে চূড়ান্ত দল ঘোষণা কৰিছে। কিন্তু ইফালে অষ্ট্ৰেলিয়াৰ এগৰাকী খেলুৱৈয়ে নিজৰ সন্দেহজনক বলিং কাৰ্য্যৰ বাবে বিপদত পৰিছে।
সেয়া হৈছে মেথিউ কুনহেমেন। যাৰ বলিং একচনক লৈ উত্থাপন হৈছে বহুতো প্ৰশ্নৰ। অষ্ট্ৰেলিয়াৰ বাওঁহাত স্পিনাৰ কুনহেমানে, শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত তেওঁৰ বলিং একচন সন্দেহজনক বুলি ধৰা পৰে। টেষ্ট শৃংখলাৰ ২খন মেচত ১৬টা উইকেট দখল কৰিছে অষ্ট্ৰেলিয়ান স্পিনাৰগৰাকীয়ে।
তেওঁৰ বলিং কাৰ্য্য সন্দেহজনক বুলি ধৰা পৰাৰ পিছত কুনহেমানক আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত কেন্দ্ৰত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই কেন্দ্ৰটো ব্রিজবেনত বুলি কোৱা হয়৷ ২০১৭ চনত অভিষেক ঘটোৱা কুনহেমেনৰ পেছাদাৰী কেৰিয়াৰত প্ৰথমবাৰৰ বাবে তেওঁৰ বলিং একচনক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখপাত্ৰই জনোৱা মতে, কুনহেমেনে নিজৰ কেৰিয়াৰত বৰ্তমানলৈকে ১২৪খন পেছাদাৰী মেচ খেলে, য’ত ৫খন টেষ্ট আৰু ৪খন এদিনীয়া মেচ আছে। কিন্তু তেওঁৰ বলিং একচনক লৈ প্ৰথমবাৰৰ বাবে প্ৰশ্ন উত্থাপন হৈছে। অষ্ট্ৰেলিয়ান ক্ৰিকেট সংস্থাই এই সন্দৰ্ভত গুৰুত্বসহকাৰে বিচাৰ কৰা বুলি জানিবলৈ দিয়ে।
শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুয়োখন মেচতে অষ্ট্ৰেলিয়াই জয়লাভ কৰিছে। এইদৰে তেওঁ ২-০ গ’লত শৃংখলাত জয়লাভ কৰে। অষ্ট্ৰেলিয়াৰ এই দলটোৰ সফলতাত কুনহেমেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিবিএলৰ সময়ত আঙুলিত পোৱা আঘাতৰ পৰা সুস্থ হৈ উঠা কুনহেমেনে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলালৈ উভতি আহে।
মেথিউ কুনহেমেনে বৰ্তমানলৈকে খেলা ৫ খন টেষ্টত ২৫ টা উইকেট দখল কৰিছে। গড়ে ২২.২০ ৰানত এই উইকেট দখল কৰিছে।