আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত নতুন আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰে। ইয়াৰ পূৰ্বে চলিত মাহৰে ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কখনক মঞ্জুৰি প্ৰদান কৰিছিল। এই নতুন বিধেয়কখনে প্ৰায় ৬০ বছৰীয়া পুৰণি আয়কৰ আইনৰ বিলুপ্তি ঘটাব আৰু কৰ ব্যৱস্থাক সহজ, স্বচ্ছ আৰু অধিক ফলপ্ৰসূ কৰি তুলিব।
কি থাকিব নতুন আয়কৰ বিধেয়কত
‘কৰ বৰ্ষ’ : নতুন বিধেয়কত ‘এছেছমেণ্ট ইয়েৰ’ৰ বিপৰীতে ‘টেক্স ইয়েৰ’ শব্দ ব্যৱহাৰ কৰা হ’ব।
নতুন ব্যৱসায়ৰ বাবে কৰ বছৰ : যদি কোনো লোকে নতুন ব্যৱসায় আৰম্ভ কৰে, তেন্তে তাৰ কৰ বছৰ সেই তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু একেটা বিত্তীয় বৰ্ষৰ শেষত শেষ হ’ব।
আইনী ভাষাৰ উন্নতি : নতুন বিধেয়কখনত আইনী চৰ্তসমূহ সৰল আৰু চুটি কৰা হৈছে, যাৰ ফলত ইয়াক বুজিবলৈ সহজ হৈ পৰিব।
আইনী নথি চুটি : পুৰণি ৮২৩ পৃষ্ঠাৰ বিপৰীতে ৬২২ পৃষ্ঠাত নতুন আয়কৰ বিধেয়ক প্ৰস্তুত কৰা হৈছে।
অধ্যায় আৰু ধাৰা বৃদ্ধি : বিধেয়কখনৰ অধ্যায়ৰ সংখ্যা ২৩টা হৈয়ে আছে যদিও ধাৰাসমূহৰ সংখ্যা ২৯৮টাৰ পৰা ৫৩৬টালৈ বৃদ্ধি পাইছে।
সূচী বৃদ্ধি : সূচীৰ সংখ্যা ১৪ৰ পৰা ১৬লৈ বৃদ্ধি কৰা হৈছে।
জটিল বিধান আঁতৰোৱা : পুৰণি আইনত থকা জটিল ব্যাখ্যা আৰু বিধানসমূহ আঁতৰোৱা হৈছে, যাৰ ফলত ইয়াক বুজাত সহজ হৈ পৰিব।
ভাৰ্চুৱেল ডিজিটেল সম্পত্তিৰ ওপৰত কঠোৰ নিয়ম : ক্ৰিপ্টোকাৰেন্সিৰ দৰে ভাৰ্চুৱেল ডিজিটেল সম্পত্তি এতিয়া অপ্ৰকাশিত আয়ৰ অধীনত বিবেচনা কৰা হ’ব।
কৰ ফাঁকি ৰোধৰ ব্যৱস্থা : কৰ ফাঁকি ৰোধৰ বাবে ডিজিটেল লেনদেন আৰু ক্ৰিপ্টো সম্পত্তিৰ ওপৰত কঠোৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।