ৰণবীৰ এলাহাবাদীয়াৰ অশ্লীল মন্তব্য সন্দৰ্ভত ক্ৰিকেটাৰ বিৰাট কোহলী আৰু যুৱৰাজ সিঙে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বিৰাটে ৰণবীৰ এলাহাবাদীয়াক আনফ’ল’ কৰাৰ কেইবাটাও স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে।
বিৰাটৰ এই কাৰ্য্যৰ পিছত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ এটা ডাঙৰ সপোন ছিন্ন-ভিন্ন হৈ পৰে।যাৰ বাবে তেওঁ হয়তো গোটেই জীৱন অনুশোচনা কৰিব।
ৰণবীৰ এলাহাবাদিয়াই নিজকে বিৰাট কোহলীৰ ডাঙৰ অনুৰাগী বুলি জনায়। খবৰ অনুসৰি, তেওঁ পূৰ্বতে এবাৰ কৈছিল যে, যিদিনা বিৰাট কোহলী তেওঁৰ প’ডকাষ্টলৈ আহিব, সেইদিনাই তেওঁৰ শেষ প’ডকাষ্ট হ’ব।
কিন্তু, এতিয়া যেন তেওঁৰ সপোন পূৰণ নোহোৱাকৈয়ে থাকিব। কাৰণ, অশ্লীল মন্তব্যৰ পিছত বিৰাট কোহলীয়ে তেওঁক আনফ’ল’ কৰি ক্ষোভ প্ৰকাশ কৰিছে।
ৰণবীৰ এলাহাবাদিয়াই ‘ইণ্ডিয়াজ গট টেলেণ্ট’ নামৰ এটা শ্ব’ত এগৰাকী প্ৰতিযোগীৰ পিতৃ-মাতৃ সন্দৰ্ভত এক অশ্লীল মন্তব্য কৰিছিল, তাৰ পিছত ৰণবীৰ আৰু সময় ৰাইনাৰ বিপদ বাঢ়ে। দুয়োৰে বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। এই এফআইআৰ মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে। তেওঁলোকৰ এই মন্তব্যক লৈ দৰ্শকৰ মাজত ক্ষোভৰ জোৱাৰ উঠিছে আৰু ৰাইজে তেওঁক টাৰ্গেট কৰিছে।