উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছতে ৰাজ্যখনত সৃষ্টি হৈছিল ৰাজনৈতিক অস্থিৰতাৰ।যাৰ পৰিপেক্ষিতত কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল।
ৰাষ্ট্ৰপতি শাসনৰ ফলত জনতাৰ ওপৰত প্ৰত্যক্ষভাৱে কোনো প্ৰভাৱ নপৰে। কিন্তু ৰাজ্যৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। ইয়াৰোপৰি ৰাষ্ট্ৰপতি শাসন চলি থকাৰ সময়ত চৰকাৰে সেই ৰাজ্য সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।
যেতিয়া এখন ৰাজ্য এখনত জৰুৰীকালীন সমস্যাৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিয়ে মান্তি হয়, তেতিয়া সেই ৰাজ্যত কাৰ্যকৰী হয় ৰাষ্ট্ৰপতিৰ শাসন। ৰাষ্ট্ৰপতিৰ এই ঘোষণা দুমাহলৈকে বলবৎ থাকিব পাৰে, কিন্তু ইয়াক বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাত এটা প্ৰস্তাৱ অনা হয়। কোনো বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।