দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত দুদিনীয়া আমেৰিকা ভ্ৰমণত। তেওঁ হোৱাইট হাউছত উপস্থিত হৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পে যৌথ সংবাদমেলৰ জৰিয়তে সংবাদ মাধ্যমক সম্বোধন কৰে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আগন্তুক ৫ বছৰত দুয়োখন দেশৰ মাজত বাণিজ্য দুগুণ হ’ব।
প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ এই বৈঠকৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকে।
২০৩০ চনৰ ভিতৰত ভাৰত-আমেৰিকাৰ বাণিজ্য দুগুণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, অতি সোনকালে তেওঁলোকে বাণিজ্যিক চুক্তি সম্পাদনৰ কাম কৰিব। যাৰ দ্বাৰা দুয়োখন দেশ পাৰস্পৰিকভাৱে লাভৱান হ’ব। ভাৰতৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰিবলৈ তেল আৰু গেছৰ বাণিজ্য শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পৰা শক্তিৰ আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি পাব।
তেওঁ লগতে কয় যে, ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতিত আমেৰিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৌশলগত আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে সকলোৱে সক্ৰিয়ভাৱে যৌথ উন্নয়ন, যৌথ উৎপাদন আৰু প্ৰযুক্তি হস্তান্তৰৰ দিশত আগবাঢ়িছে। এই নতুন প্ৰযুক্তি আৰু সঁজুলিয়ে সামৰ্থ্য বৃদ্ধি কৰিব।
এক প্ৰতিবেদন অনুসৰি, ভাৰত আমেৰিকাৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশ। ২০২৪ চনৰ এপ্ৰিল-নৱেম্বৰ মাহত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৮২.৫৩ বিলিয়ন ডলাৰ। আমেৰিকাই ভাৰতৰ পৰা ৫২.৮৯ বিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰে, যিটো ভাৰতৰ মুঠ ৰপ্তানিৰ ১৮.৬ শতাংশ।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালত ২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জানুৱাৰীলৈকে ৪ বছৰত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ২২ শতাংশ বৃদ্ধি পাইছে। বিশ্বাস কৰা হৈছে যে, ট্ৰাম্পৰ আগমনৰ পিছত পুনৰবাৰ দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধি পাব।