আজি ভেলেন্টাইন ডে’। আজিৰ এই বিশেষ দিনটোতেই প্ৰেমাস্পদে প্ৰিয়জনলৈ প্ৰেৰণ কৰে প্ৰেমৰ বাৰ্তা।
কিন্তু প্ৰেমৰ এই বিশেষ দিনটোতেই প্ৰেমিকাই ললে ভয়ংকৰ সিদ্ধান্ত। নিজৰ আত্মসন্মান বচাবলৈ প্ৰেমিকাই শেষ কৰি দিলে নিজৰ জীৱন।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰ মৰাগাং গাঁৱত। চহিদ আফ্ৰিদি নামৰ যুৱক এজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।
জানিব পৰা মতে, গাঁওখনৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল লক্ষীপুৰ চিঙ্গেৰবন্দৰৰ চহিদ আফ্ৰিদি নামৰ এজন যুৱকৰ সৈতে। কিন্তু দুয়োৰে মাজত কোনো বিষয়ক লৈ সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত৷
অভিযোগ মৰ্মে, প্ৰেমিক চহিদ আফ্ৰিদিয়ে কৰ্মসূত্ৰে চৌদি আৰবত বাস কৰে। বিগত দুদিন পূৰ্বে প্ৰেমিকাৰ এক অশ্লীল ভিডিঅ’ ভাইৰেল কৰে প্ৰেমিক চহিদ আফ্ৰিদিয়ে। প্ৰেমৰ অন্তৰংগতাৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে চৰম পন্থা অৱলম্বন কৰে প্ৰেমিকাই।
এই ঘটনাক কেন্দ্ৰ কৰিয়েই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। ইফালে ঘটনাৰ পিছতেই প্ৰেমিক চাহিদ আফ্ৰিদিৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰে প্ৰেমিকাৰ পৰিয়ালে।