পাকিস্তান আৰু ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে আই চি চিয়ে ঘোষণা কৰিলে পুৰস্কাৰৰ ধন। বিগত বছৰৰ তুলনাত এইবাৰ পুৰস্কাৰৰ ধন ৰাশি প্ৰায় ৫৭ শতাংশ বৃদ্ধি কৰা হৈছে।
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টুৰ্ণামেণ্টৰ চেম্পিয়ন দলটোৱে লাভ কৰিব ২.২৪ মিলিয়ন আমেৰিকান ডলাৰ অৰ্থাত ভাৰতীয় টকা হিচাপত হ’ব ২০ কোটি।
ইয়াৰ উপৰি ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১১.১২ মিলিয়ন ডলাৰ। ছেমি ফাইনেলত পৰাস্ত হোৱা দলসমূহে লাভ কৰিব ৫ লাখ ৬০ হাজাৰ ডলাৰ।
গ্ৰুপ পৰ্যায়ত জয়ী হোৱা যিকোনো দলে লাভ কৰিব ৩৪ হাজাৰ ডলাৰ (৩০ লাখ টকা) পুৰস্কাৰ। পঞ্চম বা ষষ্ঠ স্থান দখল কৰা প্ৰতিটো দলে ৩ লাখ ৫০ হাজাৰ মাৰ্কিন ডলাৰ (৩ কোটি টকা) লাভ কৰাৰ বিপৰীতে সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে ১ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰ (১.২ কোটি টকা) লাভ কৰিব। ইয়াৰ উপৰি আঠটা দলেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ১ লাখ ২৫ হাজাৰ ডলাৰকৈ লাভ কৰিব।
উল্লেখ্য যে, পাকিস্তানে ১৯৯৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে আইচিচি টুৰ্ণামেণ্ট আয়োজন কৰিছে। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ নকৰে আৰু সকলো মেচ ডুবাইত খেলিব। অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে। পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া খেলসমূহ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব।
ইফালে জয় শ্বাহে কয় যে আইচিচি পুৰুষ চেম্পিয়নশ্বিপ ট্ৰফী ক্ৰিকেটৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই প্ৰতিযোগিতাখনত এদিনীয়াৰ শ্ৰেষ্ঠ দল কেইটাই অংশগ্ৰহণ কৰিব আৰু ইয়াৰ প্ৰতিখন মেচ হ’ব গুৰুত্বপূৰ্ণ।
উল্লেখ্য যে, চেম্পিয়নছ ট্ৰফীৰ বাবে আঠটা দলক দুটা ভাগত ভাগ কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষ দল দুটাই ছেমিফাইনেলত প্ৰৱেশ কৰিব।