১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে মহিলা প্ৰিমিয়াৰ লীগ ২০২৫। ছিজনৰ প্ৰথমখন মেচতে ভংগ হ’ল কেইবাটাও অভিলেখ। প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু মহিলা আৰু গুজৰাট জায়েন্টছ মহিলাৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি গুজৰাটে ২০১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৮.৩ অভাৰত এই লক্ষ্যত উপনীত হয় আৰ চি বি।
আৰ চি বিৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় ৰিচা ঘোষে। তেওঁৰ বেটেৰে আহে বিস্ফোৰক অপৰাজিত অৰ্ধশতক।
ইফালে গুজৰাটৰ হৈ অধিনায়ক এছলে গাৰ্ডনাৰে বিস্ফোৰক বেটিং কৰে। তেওঁ ৩৭টা বলত ৭৯ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ৩টা চাৰি আৰু ৮টা ছয়। বেথ মুনীয়ে ৫৬ ৰানৰ ইনিংছ খেলে। এইদৰে দলটোৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংগালুৰুৱে ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। এই খেলখনত দুয়োপক্ষৰ পৰা আহে ৪০৩ ৰান। মহিলা প্ৰিমিয়াৰ লীগৰ ইতিহাসত এয়াই হৈছে এখন খেলৰ সৰ্বাধিক মুঠ স্ক’ৰ।
অভিলেখৰ ক্ষেত্ৰত এই মেচখন অতি গুৰুত্বপূৰ্ণ। মহিলা প্ৰিমিয়াৰ লীগৰ ইতিহাসত আৰ চি বিয়ে সৰ্বোচ্চ স্ক’ৰ চেজ কৰে। মেচখনত জয়ী হ’বলৈ তেওঁলোকে সংগ্ৰহ কৰিব লগা হৈছিল ২০২ ৰান, যিটো অতি সহজেই অৰ্জন কৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহিলা প্ৰিমিয়াৰ লীগত সৰ্বোচ্চ স্ক’ৰ চেজ হৈছিল ২০২৪ চনত মুম্বাই আৰু গুজৰাটৰ মাজৰ মেচখনত। সেই মেচখনত ১৯১ ৰান চেজ হৈছিল।
ইফালে কালি অনুষ্ঠিত হৈ যোৱা মেচখনত আৰচিবিৰ খেলুৱৈ ৰিচা ঘোষে বিস্ফোৰক ইনিংছ খেলে। তেওঁ ২৭টা বলত ৬৪ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৪টা ছয়। আনহাতে কণিকা আহুজাই ১৩টা বলত ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ ইনিংছত ৪টা চাৰিটা আছিল। দলটোৰ হৈ এলিছ পেৰীয়ে ৩৪টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।