তিনি দিন পিছৰ পৰা অৰ্থাত ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। আই চি চিৰ এই মেগা টুৰ্ণামেণ্টৰ পূৰ্বে ভাৰতীয় দলৰ বাবে আহিছে এটা বেয়া খবৰ। প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় দল তথা মুম্বাইৰ বিস্ফোৰক অপেনাৰ যশস্বী জয়ছোৱাল আঘাতপ্ৰাপ্ত হৈছে।
আঘাতৰ বাবেই সোমবাৰৰ পৰা বিদৰ্ভৰ বিৰুদ্ধে নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ ছেমি ফাইনেল মেচখনত অংশ ল’ব নোৱাৰিব। বাওঁ ভৰিৰ গোৰোহাত আঘাত পোৱা যশস্বী জয়ছোৱালে এতিয়া ইয়াৰ নিৰীক্ষণৰ বাবে বাংগালুৰুস্থিত এনচিএলৈ যাব।
উল্লেখ্য যে, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত নন ট্ৰেভেলিং ৰিজাৰ্ভ খেলুৱৈ হিচাপে আছে। দলৰ প্ৰয়োজন হ’লে এই দুয়োজন ক্ৰিকেটাৰ ডুবাইলৈ যাব লাগিব।
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে উদীয়মান তাৰকা জয়ছোৱাল আঘাতপ্ৰাপ্ত হোৱা খবৰ নিশ্চিতভাৱে ভাৰতীয় শিৱিৰৰ বাবে চিন্তনীয়। প্ৰথম অৱস্থাত ২৩ বছৰীয়া জয়ছোৱালক চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত স্থান দিয়া হৈছিল যদিও অন্তিম সময়ত তেওঁৰ স্থানত বৰুণ চক্ৰৱৰ্তীক দলত স্থান দিয়া হয়।