কিছুদিন পূৰ্বে ইউটিউবাৰ ধনশ্ৰী আৰু যুজবেন্দ্ৰ চাহালৰ মাজৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটা বুলি খবৰ ওলাইছিল।
খবৰ অনুসৰি, বিবাহ বিচ্ছেদৰ পিছত যুজবেন্দ্ৰ চাহালে ধনশ্ৰী বৰ্মাক ৬০ কোটি টকা দিয়াৰ সম্ভাৱনা আছে বুলি খবৰ আহিছে। চাহাল আৰু ধনশ্ৰীৰ সম্পৰ্কত তিক্ততাৰ খবৰ কেইমাহমান আগতেই ওলাই আহিবলৈ আৰম্ভ কৰিছিল, তাৰ পিছতে দুয়োৰে বিচ্ছেদ হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছিল।
ইফালে সমাজিক মাধ্যমত চাহালৰ কিছু পোষ্টৰ পৰা তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰাৰ অধিক ইংগিতো পোৱা যায়। এতিয়া পোহৰলৈ আহিছে যে, যে চাহালে বিবাহ বিচ্ছেদৰ বিনিময়ত ধনশ্ৰীক ৬০ কোটি টকা দিব লাগিব পাৰে।
উল্লেখ্য যে, ২০২০ চনৰ ডিচেম্বৰ মাহত চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল। দুয়োজনে প্ৰথম লগ পোৱাৰ পিছত অতি সোনকালে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু ৫ বছৰত দুয়োৰে মাজৰ পৰিস্থিতিত ইমানেই অৱনতি ঘটে যে, ই বিবাহ বিচ্ছেদৰ পৰ্যায় পায়।
পেছাত চাহাল ক্ৰিকেটাৰ হোৱাৰ বিপৰীতে দন্ত চিকিৎসকৰ শিক্ষা গ্ৰহণ কৰা ধনশ্ৰী বাৰ্মা পেছাত এগৰাকী নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। বিয়াৰ প্ৰথম ৩ বছৰ তেওঁলোকৰ সম্পৰ্ক বহুত ভাল হৈয়েই থাকিল। প্ৰতিটো মঞ্চ আৰু প্ৰতিটো শ্ব’ত দুয়োকে একেলগে দেখা গৈছিল। দুয়োজনে একেলগে এটা শ্ব’ও কৰিছিল।
কিন্তু তাৰ পিছত চতুৰ্থ বছৰত তেওঁলোকৰ সম্পৰ্কত ফাট মেলাৰ খবৰ আহিবলৈ ধৰিলে।ইফালে, যেতিয়া চাহালে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ধনশ্ৰীৰ ফটো ডিলিট কৰিলে, তেতিয়া তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটাটো আৰু অধিক নিশ্চিত হয়।
এতিয়া চাহাল আৰু ধনশ্ৰীৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰ আহিছে, খবৰ আহিছে যে বিবাহ বিচ্ছেদৰ পিছত চাহালে ধনশ্ৰীক ৬০ কোটি টকা দিব পাৰে। কিন্তু, চাহল আৰু ধনশ্ৰীৰ প্ৰেম কাহিনীয়ে বিবাহ বিচ্ছেদত উপনীত হোৱাৰ আঁৰৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই।