বৰ্তমান চৌদিশে চলিছে “কল্কি ২৮৯৮ এডি”ৰ চৰ্চা। প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন অভিনীত এই চিনেমাখনে দৰ্শকৰ পৰা বুটলিছে অযুত মৰম। ছবিখনে কৰিছে কোটি কোটি টকাৰ ব্যৱসায়। নাগ অশ্বিন পৰিচালিত এই ছবিখনে গঢ়িছে নতুন অভিলেখ।
পেন ইণ্ডিয়াৰ তাৰকা প্ৰভাস অভিনীত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে সুন্দৰ সঁহাৰি। সকলোৱে কৰিছে ৮১ বছৰীয়া অমিতাভ বচ্চনৰ কামৰ প্ৰসংশা। বয়সেও যে ম্লান কৰিব পৰা নাই তেওঁৰ চমকপ্ৰদ অভিনয়ৰ যাদু। অভিনেত্ৰী দীপিকা পাডুকনৰ চৰিত্ৰটোৱেও দৰ্শকৰ পৰা পাইছে যথেষ্ট মৰম।
দক্ষিণৰ জনপ্ৰিয় অভিনেতা কমল হাছানৰ অতি সৰু চৰিত্ৰটোৱেও সকলোৰে মনত লৈছে থিতাপি। ছবিখনত বহুতো আমোদজনক কাৰকো অন্তৰ্ভুক্ত কৰা হৈছে।
মুক্তিৰ প্ৰথমদিনাৰ পৰাই “কল্কি ২৮৯৮ এডি” চাবলৈ চিনেমা হ’লৰ সন্মুখনত হৈছে মানুহৰ ভিৰ। ৬০০ কোটিৰে নিৰ্মিত এই ছবিখনে প্ৰতিদিনে সমগ্ৰ দেশতেই উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িছে নতুন অভিলেখ।
“চেকনিল্ক”ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মুক্তিৰ ষষ্ঠ দিনাই অৰ্থাৎ মঙলবাৰে ছবিখনে উৰ্পাজন কৰে ২৭.৮৫ কোটি টকা। ইয়াৰে তেলেগুত ১১.২ কোটি, তামিলত ১.২ কোটি, হিন্দীত ১৪ কোটি, কানাড়া ০.২৫ কোটি আৰু মালায়ালমত ১.২ কোটিৰ ব্যৱসায় কৰে।
ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ ৩৭১ কোটিত উপনীত হয়। এইক্ষেত্ৰত ছবিখনে বিগত বৰ্ষত বক্স অফিচত খলকনি লগোৱা পাঠান, জৱান আৰু এনিমেলকো অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ দ্বাৰা “কল্কি ২৮৯৮ এডি”য়ে মুক্তিৰ ষষ্ঠ দিনাই অধিক উৰ্পাজিত ছবিৰূপে পৰিগণিত হয়।