গোৱাৰ শিৰগাঁও মন্দিৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শিৰগাঁও মন্দিৰৰ পৰা উলিওৱা ‘শ্ৰী লেইৰাই’ যাত্ৰাৰ সময়ত হোৱা এক অবাঞ্চিত ঘটনাত ৬ গৰাকী ভক্তৰ মৃত্যু হোৱাৰ লগতে আন ৩০ গৰাকী লোক আহত হয়।
পদপিষ্টৰ এই কৰুণ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ আহতসকলক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।
শ্ৰী লেইৰাই যাত্ৰাৰ সময়ত এই ঘটনা কিদৰে সংঘটিত হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে পদপিষ্ট হৈ মৃত্যুমুখত পৰা লোক কেইজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, শিৰগাঁও মন্দিৰৰ পৰা উলিওৱা এই যাত্ৰাৰ বাবে মন্দিৰ প্ৰশাসনে বৃহত আয়োজন কৰিছিল। যাত্ৰাৰ সময়ত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষীৰ এটা বিশেষ দলো গঠন কৰা হৈছিল। যাত্ৰাৰ সময়ত একত্ৰিত হোৱা ভিৰক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা অত্যাধুনিক ড্ৰোনো ব্যৱহাৰ কৰা হৈছিল।
ইফালে এই কৰুণ ঘটনাৰ পিছত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে দুখ প্ৰকাশ কৰি কয় যে মই ব্যক্তিগতভাৱে পৰিস্থিতিৰ বুজ লৈছো আৰু প্ৰধানমন্ত্ৰীৰ সৈতে ফোনযোগে ঘটনা সন্দৰ্ভত কথা পাতিছো। এই কঠিন সময়ত প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ সহায়-সহযোগিতা কৰাৰো আশ্বাস প্ৰদান কৰে।