আম আদমী পাৰ্টি চমুকৈ আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লী বিধানসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। মনোনয়ন দাখিলৰ পূৰ্বে কেজৰিৱালে পত্নী সুনীতা কেজৰিৱালৰ সৈতে একেলগে এখন বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।
মনোনয়ন দাখিলৰ পূৰ্বে কেজৰিৱালে বাল্মিকী মন্দিৰ আৰু কনট প্লেছস্থিত হনুমান মন্দিৰো দৰ্শন কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁ ‘ঈশ্বৰৰ আশীৰ্বাদ আছে, নিশ্চয়কৈ ফলাফল ভাল আহিব’।
কেজৰিৱালৰ পূৰ্বে বিজেপিৰ প্ৰৱেশ ভাৰ্মাই নতুন দিল্লী আসনখনৰ বাবে মনোনয়ন দাখিল কৰে আৰু এইবাৰ দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে।
উল্লেখ্য যে, দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি বিজেপিৰ মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীক সংগ দিয়ে একো একোজন ডাঙৰ নেতাই।
মনোনয়ন দাখিলৰ সময়ত নিজ নিজ প্ৰাৰ্থীসকলক সংগ দিয়ে নয়াব সিং ছেইনী, হৰদীপ পুৰী, শুধাংশু ত্ৰিবেদী, সম্বিত পাত্ৰা।