ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। বিশ্বকাপত দলক নেতৃত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে। স্মৃতি মান্ধানাক প্ৰদান কৰা হৈছে উপ-অধিনায়কৰ দায়িত্ব।
আই চি চিৰ আগশাৰীৰ এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলত দুগৰাকী উইকেটৰক্ষক বেটাৰক স্থান দিয়া হৈছে। উইকেটৰক্ষক ক্ৰিকেটাৰ দুগৰাকী হৈছে ৰিচা ঘোষ আৰু য়াস্তিকা ভাটিয়া।
৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতানত ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব নিউজিলেণ্ডৰ বিৰুদ্ধে। ডুবাইত ৪ অক্টোবৰৰ সন্ধিয়া ৭ বজাত দুয়োটা দল মুখামুখি হ’ব।
আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দল:
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ, য়াস্তিকা ভাটিয়া, পূজা বস্ত্ৰাকৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, দয়ালন হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল আৰু সজনা সজীৱন।
ট্ৰেভেলিং ৰিজাৰ্ভঃ উমা ছেত্ৰী (উইকেটকীপাৰ), তনুজা কানৱাৰ আৰু ছাইমা ঠাকুৰ।
নন ট্ৰেভেলিং ৰিজাৰ্ভঃ ৰাঘৱী বিষ্ট আৰু প্ৰিয়া মিশ্ৰা।
বিশ্বকাপৰ বাবে ভাৰতৰ সূচী
৪ অক্টোবৰঃ ভাৰত বনাম নিউজিলেণ্ড, ডুবাই, সন্ধিয়া ৭:৩০ বজাত
৬ অক্টোবৰঃ ভাৰত বনাম পাকিস্তান, ডুবাই, বিয়লি ৩:৩০ বজাত
৯ অক্টোবৰঃ ভাৰত বনাম শ্ৰীলংকা, ডুবাই, সন্ধিয়া ৭:৩০ বজাত
১৩ অক্টোবৰঃ ভাৰত বনাম অষ্ট্ৰেলিয়া, শ্বাৰজাহ, সন্ধিয়া ৭:৩০ বজাত