অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা অসমীয়া ছবি জগতৰ অভিনেত্ৰী চুমি বৰা। সুৰ্দীঘ ৮ মাহ সময় ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱাৰ পিছত ২১ মে’ অৰ্থাত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল চুমি বৰাৰ।
জামিন মঞ্জুৰৰ এদিন পিছতেই অৰ্থাত আজি সন্ধিয়া ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে ৰীলছ ৰাণীৰূপে পৰিচিত চুমি বৰা।
উল্লেখ্য যে, দুলীয়াজান থানাৰ ১৯৮/২৪ আৰু বৰবৰুৱা থানাৰ ৮৫/২৪ দুয়োটা গোচৰৰ জামিন বণ্ড জমা দিয়া প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছতেই কাৰাগাৰৰ পৰা ওলাই আহে চুমি বৰাই।
চুমিৰ ওপৰত থকা তিনিটা গোচৰৰ ভিতৰত ডিব্ৰুগড় সদৰ থানাৰ গোচৰ ৩৫২/২৪ নম্বৰৰ জামিন প্ৰক্ৰিয়া পূৰ্বেই সম্পূর্ণ হৈ আছিল।
উল্লেখ্য যে ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকন আৰু চুমিৰ স্বামী তাৰ্কিক বৰা কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল।
কাৰাগাৰৰ পৰা ওলোৱাৰ সময়ত বাহিৰত আছিল তেওঁৰ পিতৃ-মাতৃ আৰু যথেষ্টসংখ্যক সমৰ্থক। অৱশ্যে কাৰাগাৰৰ পৰা বাহৰিলৈ ওলাই অহাৰ পিছত সাংবাদিকসকলে তেওঁক কেইবাটাও প্ৰশ্ন সোধে যদিও ইয়াৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ডিব্ৰুগড়ৰ পিতৃগৃহ বাণীপুৰৰ ঘৰলৈ ৰাওনা হয়।