নেপালত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৪০ গৰাকী ভাৰতীয় যাত্ৰী কঢ়িয়াই লৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হয়। বাছখনত থকা ১৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ উপৰি ১৬ জন লোক গুৰুতৰভাৱে আহত হয়। বৰ্তমানো ১০ গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে। নেপাল আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে।
জানিব পৰা অনুসৰি, ভাৰতীয় যাত্ৰীৰে ভৰা বাছখন তানাহুন জিলাৰ মাৰ্চিয়াংদি নদীত বাগৰি পৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
‘ইউ পি এফ টি ৭৬২৩ নম্বৰ প্লেটৰ বাহনখন নদীত পৰি যায়,’ তানাহুন জিলা আৰক্ষী কাৰ্যালয়ৰ ডি এছ পি দীপকুমাৰ ৰায়াই এই কথা জানিব দিয়ে। লগতে তেওঁ ঘটনাস্থলত আৰক্ষী, প্ৰশাসনৰ লোকৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলিও জনায়।
বিষয়াগৰাকীৰ মতে, উত্তৰ প্ৰদেশৰ পৰা যোৱা বাছখন নেপালৰ পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। ভাৰতীয় যাত্ৰীসকল কি কাৰণত নেপাল ভ্ৰমণ কৰিছিল সেই কথা এতিয়ালৈকে জানিব পৰা নাই।
অধিক সবিশেষৰ বাবে অপেক্ষা কৰি থকা আছে…