ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে বৃহস্পতিবাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণা কৰিছে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে এই ঘোষণা কৰিছে।
ঝাৰখণ্ডৰ ছাৰাইকেলাত এক ৰেলীত তেওঁ কয়, “মই ঝাৰখণ্ডৰ নিপীড়িত, দলিত, জনজাতীয় আৰু দৰিদ্ৰ লোকসকলক ন্যায় প্ৰদান কৰাৰ অভিযান আৰম্ভ কৰিছো। মোৰ লক্ষ্য হৈছে ৰাজ্যখনক এক আদৰ্শ হিচাপে গঢ়ি তোলা আৰু মই এই লক্ষ্যৰ দিশত কাম কৰি আছো।
মই নিশ্চিত যে, ৰাইজে মোৰ পৰৱৰ্তী পদক্ষেপৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু মই নিশ্চিত মই সম্পূৰ্ণ সমৰ্থন লাভ কৰিম।
সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত চম্পাই চোৰেনে কয় যে, ঝাৰখণ্ড নিৰ্বাচনৰ পূৰ্বে তেওঁ নতুন ৰাজনৈতি দল গঠন কৰিব। এইক্ষেত্ৰত তেওঁ যদি মাজবাটত কোনোবা ভাল বন্ধু পাই তেতিয়াহলে মিত্ৰতা কৰিব বুলিও জনাইছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।