আই চি চি চেম্পিয়নছ ট্ৰফী আৰু আই চি চি টি-২০ টুৰ্ণামেণ্টৰ খিতাপ দখল কৰা ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই আকস্মিকভাৱে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
ছ’চিয়েল মিডিয়াযোগে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে অধিনায়ক ৰোহিত শৰ্মাই। ভাৰতীয় টেষ্ট দলক প্ৰতিনিধিত্ব কৰা আৰু নেতৃত্ব প্ৰদানৰ সুযোগ পোৱাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে বিচিচিআইৰ লগতে সকলো শুভাকাংশীকে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে ৩৮ বছৰীয়া ৰোহিত শৰ্মাই ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটত ভাৰতীয় দলক ৬৭ খন মেচত প্ৰতিনিধিত্ব কৰিছে। ৬৭ খন টেষ্ট মেচত ১২ টা শতক আৰু ১৮ টা অৰ্ধশতকৰ সহায়ত তেওঁ সৰ্বমুঠ ৪৩০১ ৰান সংগ্ৰহ কৰিছে।