কোন হ’ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইৰ পৰৱৰ্তী সভাপতি। ইয়াক লৈ সম্প্ৰতি সংবাদ মাধ্যমত চলিছে তীব্ৰ চৰ্চা। চৰ্চাৰ কাৰণ বিচিচিআইৰ এটা নিয়ম। বিশ্বৰ ধনাঢ্য ব’ৰ্ডখনৰ নিয়ম অনুসৰি ৭০ বছৰ হোৱা বাবে সভাপতিৰ পদ ত্যাগ কৰিব লাগিব ৰ’জাৰ বিন্নীয়ে।
শেহতীয়াকৈ দৈনিক জাগৰণৰ এক প্ৰতিবেদন অনুসৰি, ৰ’জাৰ বিন্নীৰ ঠাইত বিচিচিআইৰ নতুন অধ্যক্ষ পদত অধিষ্ঠিত হ’ব এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। অৱশ্যে এতিয়ালৈ আনুষ্ঠানিক কোনো বাতৰি বা প্ৰতিবেদন প্ৰকাশ পোৱা নাই।
উল্লেখ্য যে, ২০২২ চনত বিচিচিআইৰ ৪০ সংখ্যক সভাপতি হিচাপে অধিষ্ঠিত হৈছিল ৰ’জাৰ বিন্নী। তেওঁৰ পূৰ্বে ২০১৯-২০২২ চনলৈকে বিচিচিআইৰ সভাপতি আছিল সৌৰভ গাংগুলী।
ইফালে বিচিচিআইৰ পৰৱৰ্তী অধ্যক্ষৰ বাবে চৰ্চালৈ আহিছে তিনিজনৰ নাম।
১. ৰাজীৱ শুক্লা
ক্ৰিকেট প্ৰশাসনৰ বহু বছৰৰ অভিজ্ঞতা ৰাজীৱ শুক্লাৰ। ২০১৫ চনত আই পি এলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২০ চনৰ ডিচেম্বৰৰ পৰা বিচিচিআইৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ক্ৰিকেট প্ৰশাসন আৰু ৰাজনীতিত তেওঁৰ বিশাল অভিজ্ঞতাই তেওঁক বিচিচিআইৰ সভাপতি পদৰ অন্যতম ডাঙৰ প্ৰতিদ্বন্দ্বী কৰি তুলিছে।
২) ৰাকেশ তিৱাৰী
বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতি তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাকেশ তিৱাৰীকো বিচিচিআইৰ সভাপতি পদৰ প্ৰতিদ্বন্দ্বী হিচাপে দেখা গৈছে। ২০১৯ চনৰ পৰা বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাকেশ তিৱাৰীয়ে ৰাজনীতি আৰু ক্ৰিকেট প্ৰশাসনৰ ক্ষেত্ৰতো বহু অভিজ্ঞতা লাভ কৰিছে।
৩/ সঞ্জয় নাইক
সম্প্ৰতি সঞ্জয় নাইক মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ উপ-সভাপতি। ৰাজ্যিক পৰ্যায়ত তেওঁৰ এই কামৰ অতিশয় শলাগ লোৱা হয়। ক্ৰিকেট প্ৰশাসনৰ পটভূমি আৰু অভিজ্ঞতাই তেওঁৰ বিচিচিআইৰ সভাপতি হোৱাৰ সম্ভাৱনা শক্তিশালী কৰি তুলিছে।