বদ্ৰীনাথৰ অলকানন্দা নৈত পৰি মৃত্যুক সাৱটিলে ৮জনকৈ লোকে। অনিয়ন্ত্ৰিত ট্ৰেভেলাৰখন পাহাৰৰ বহু ওপৰৰ পৰা অলকানন্দা নৈত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় ভয়ানক ঘটনা। বদ্ৰীনাথ হাইৱেত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতে উপস্থিত হয় উদ্ধাৰকাৰী বাহিনী।
সাতজনকৈ লোকৰ অৱস্থা বৰ্তমানো সংকটজনক। সন্ধানহীন যাত্ৰীক বিচাৰি উদ্ধাৰকাৰী দল নামি পৰে অলকানন্দা নৈত। বদ্ৰীনাথ হাইৱেত অনিয়ন্ত্ৰিত হৈ পৰিছিল যাত্ৰীভৰ্তি ট্ৰেভেলাৰখন। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তললৈ দ্ৰুত গতিত নামি গৈছিল ট্ৰেভেলাৰখন।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনত আছিল ১৭জনকৈ যাত্ৰী। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উপস্থিত হয় এছ ডি আৰ এফ বাহিনী। এই ঘটনাত নিহত আহত সকলকলৈ ছ’চিয়েল মিডিয়াত শোকবাৰ্তা দিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে। ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।