চিৰ নিদ্ৰাত অসমৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে উপস্থিত হৈছে স্বভূমিত। বৰঝাৰ বিমানবন্দৰৰ পৰা লাখ-লাখ অনুৰাগীৰ ভিৰৰ মাজেৰে ফুলসজ্জা বাহনেৰে জুবিনৰ মৃতদেহ লৈ অনা হয় কাহিলীপাৰাস্থিত বাসগৃহলৈ।
বৰ্তমান জুবিনৰ নশ্বৰ দেহ সৰুসজাইলৈ লৈ যোৱা হৈছে। এই সৰুসজাই ষ্টেডিয়ামতে তেওঁক অনুৰাগীসকলে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব। কিন্তু জুবিন গাৰ্গৰ শেষকৃত্য ক’ত সম্পন্ন কৰা হ’ব সেয়া এই পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই চৰকাৰে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুকৰ জৰিয়তে এটা প’ষ্ট শ্বেয়াৰ কৰি জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত এক নতুন আপডেট প্ৰদান কৰিছে।
তেওঁ প’ষ্টটোত কয়, ‘আমাৰ তিনিগৰাকী কেবিনেট সতীৰ্থ ডা: ৰণোজ পেগু, শ্ৰীকেশৱ মহন্ত আৰু শ্ৰীবিমল বৰাই সোনকালেই শ্ৰীমতী গৰিমা গাৰ্গ আৰু আমাৰ মৰমৰ জুবিন গাৰ্গৰ নিকটাত্মীয় পৰিয়ালক লগ কৰিব। গৰিমা আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰি আমি আজি সন্ধিয়ালৈ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান চূড়ান্ত কৰিম৷’