আজি বলীউদৰ জনপ্ৰিয় তাৰকা ৰণবীৰ সিঙৰ ৩৯ সংখ্যক জন্মদিন। ১৯৮৫ চনৰ ৬ জুলাইত মুম্বাইত জন্মলাভ কৰিছিল ৰণবীৰ সিঙে। জন্মদিনৰ প্ৰাকক্ষণত অক্ষয় কুমাৰ, সোনাক্ষী সিনহাৰ লগতে আন বহু তাৰকাই শুভেচ্ছাৰে উপচায় পেলাইছে অভিনেতাজনক।
উল্লেখ্য যে, বলীউদত বহুকেইখন হিট ছবি উপহাৰ দিয়া ৰণবীৰ সিঙৰ যথেষ্ট সংখ্যক অনুৰাগী আছে। অকল ভাৰততে নহয় বিদেশৰ অনুৰাগীয়ে অধিক পচন্দ কৰে ৰণবীৰক।
‘বেণ্ড বাজা বাৰাত’ ছবিখনৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰা অভিনেতাজনে প্ৰথমখন ছবিতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে, ছবিখনৰ বাবে তেওঁ ‘বেষ্ট মেল ডেবিউট’ৰ সন্মান লাভ কৰিছিল। সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন পুহি ৰখা ৰণবীৰ সিঙে কম সময়ৰ ভিতৰতে বলীউদত ছুপাৰষ্টাৰ হিচাপে নিজক আত্মপ্ৰকাশ কৰিছিল।
ছবিত কাম কৰাৰ পূৰ্বে কেফেত কাম কৰিছিল ৰণবীৰ সিঙেঃ
এক তথ্য অনুসৰি ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত এখন ৰেষ্টুৰেন্টত কৰ্মৰত হৈ আছিল ৰণবীৰ। আনকি উপাৰ্জন বৃদ্ধি কৰিবলৈ কলেজত বাটাৰ চিকেন বিক্ৰি কৰিছিল অভিনেতাজনে।
ক্ৰিয়েটিভ ৰাইটাৰ হিচাপে কৰ্মজীৱন আৰম্ভণি ৰণবীৰৰঃ
সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন পুহি থকা ৰণবীৰ সিঙে ছবিত কাম কৰাৰ পূৰ্বে এটা বিজ্ঞাপন কোম্পানীত ক্ৰিয়েটিভ ৰাইটাৰ হিচাপেও কাম কৰিছিল। কিয়নো আৰম্ভণিতে ছবিত কাম পোৱাটো ৰণবীৰৰ বাবে অত্যন্ত কষ্টকৰ আছিল। যাৰ বাবে নিজৰ উপাৰ্জনৰ পথ সুগম কৰিবলৈ এই বৃত্তি বাছি লৈছিল ৰণবীৰ সিঙে।
ৰণবীৰ সিঙৰ কেইখনমান হিট ছবিঃ
২০১০ চনৰ ১০ ডিচেম্বৰত ৰণবীৰৰ প্ৰথমখন ছবি ‘বেণ্ড বাজা বাৰাত’ মুক্তি লাভ কৰে। তাৰ পিছত ক্ৰমে কেইখনমান হিট ছবি হ’ল – বাজিৰাও মষ্টানী, পদ্মাৱত, গোলিঅ’ কি ৰাসলীলা ৰামলীলা, গুণ্ডে আদি।