জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ দুটা ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। ইয়াৰ পিছতে ভাৰতীয় সেনাই চলোৱা তীব্ৰতৰ অভিযানত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। এতিয়াও অঞ্চলটোত চাৰিজন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
নিৰাপত্তাৰক্ষীৰ যৌথ দলে দুটা ভিন্ন অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকাৰ খবৰ লাভ কৰাৰ পিছতে আৰম্ভ কৰিছিল অভিযান। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ উমান পাই সন্ত্ৰাসবাদীয়ে প্ৰথমে আৰম্ভ কৰে গুলীচালনা।
দুয়ো পক্ষৰ মাজত চলা এনকাউণ্টাৰত মহাৰাষ্ট্ৰৰ অকোলাৰ এজন জোৱান শ্বহীদ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়াল তথা অঞ্চলবাসী শোকত ভাগি পৰিছে।
সন্ত্ৰাসবাদী বিৰোধী অভিযানত শ্বহীদ হোৱা জোৱানজনক প্ৰবীণ প্ৰভাকৰ জঞ্জাল বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২০১৯ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল। মাত্ৰ এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল শ্বহীদ জোৱানজন।
মৃত্যুৰ সময়ত তেওঁ পত্নী, পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃক এৰি থৈ যায়।