ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে বয়োজ্যেষ্ঠসকলৰ বাবে দিছে সুখবৰ। আয়ুষ্মান ভাৰতক লৈ আহিছে এই খবৰ। এতিয়াৰে পৰা ৭০বছৰ পাৰ কৰা লোকেও পাব আয়ুষ্মান ভাৰতৰ সেৱা। আয়ুষ্মান যোজনাৰ অধীনত ৭০ উৰ্দ্ধৰ লোকেও লাভ কৰিব চিকিৎসা সেৱা।
১৮সংখ্যক লোকসভাৰ অধিৱেশন সম্বোধন কৰাৰ সময়তে এই ডাঙৰ ঘোষণা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ সময়ত আয়ুষ্মান ভাৰতক লৈ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। ২৪ জুনৰ পৰা আৰম্ভ হৈছে লোকসভাৰ অধিৱেশন। এই সময়তে আয়ুষ্মান ভাৰতক লৈ ডাঙৰ ঘোষণা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। নতুন চৰকাৰে ৭০ বছৰৰ ওপৰৰ ব্যক্তিকো আয়ুষ্মান ভাৰতৰ আওতালৈ আনিছে বুলি ঘোষণা কৰে। ইযাৰ লগে লগে এতিয়াৰে পৰা হাস্পতাল সমূহত আয়ুষ্মান ভাৰতৰ অধীনত ৭০ বছৰৰ ওপৰৰ লোকেও লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। আনহাতে কৃষকসকলক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ২০হাজাৰ কোটি টকা আৱণ্টন দিয়া বুলি ঘোষণা কৰা হয়। দৰিদ্ৰ বয়োজ্যেষ্ঠ লোকে বৃদ্ধা অৱস্থাত যাতে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবেই মোদী চৰকাৰে আয়ুষ্মান ভাৰতৰ আওতালৈ আনে এনে লোকক। বিনামূলীয়াকৈ বয়োজ্যেষ্ঠই যাতে উন্নত মানৰ চিকিৎসা লাভ কৰে তাৰ বাবে গুৰুত্ব আৰোপ কৰে মোদী চৰকাৰে। ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা এতিয়াৰে পৰা লাভ কৰিব ৭০ বছৰৰ ওপৰৰ লোকে।