জম্মু-কাশ্মীৰৰ দুটা ভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত এই পৰ্যন্ত তিনিজন উগ্ৰপন্থী নিহত হৈছে। অৱশ্যে দুয়োপক্ষৰ মাজত চলা সংঘৰ্ষত চাৰিজন সেনাবাহিনীৰ জোৱানো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
কাশ্মীৰ সংমণ্ডলৰ শ্ৰীনগৰ জিলাত পুৱাৰে পৰা এনকাউণ্টাৰ চলি আছে। সংঘৰ্ষৰ মাজতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় এজন সন্ত্ৰাসবাদী। অঞ্চলটোত এতিয়াও আন দুই-তিনিজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, এনকাউণ্টাৰ চলি থকা শ্ৰীনগৰ খানিয়াৰটো এটা আৱাসিক অঞ্চল, সেয়ে নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোকৰ যাতে ক্ষতি নহয় তাৰ বাবে অতি সাৱধানতাৰে অভিযান চলাই থকা হৈছে।
ইফালে দ্বিতীয়টো এনকাউণ্টাৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ লাৰ্ণুত সংঘটিত হৈছে। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি নিশ্চিত কৰিছে সেনাই।
এইদৰে দুয়োটা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত মুঠ তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে।
উল্লেখ্য যে, মধ্য কাশ্মীৰৰ বুডগাম জিলাত শুকুৰবাৰে সন্ধিয়া সেনাৰ বাহনত গুলীচালনা কৰাৰ ঘটনাৰ পিছৰে পৰা বান্দিপোৰাত বৃহৎ পৰিসৰত তালাচী অভিযান চলোৱা হৈছে।