চজিনা এবিধ অতি উপকাৰী আৰু পুষ্টিকাৰক পাচলি। চজিনা গছৰ পাত আৰু গছৰ বাকলিৰো আছে বিভিন্ন ঔষধি গুণ। ই স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।
ৰোগনিয়ন্ত্ৰণ
চজিনাই মানুহৰ পুষ্টিহীনতা দূৰ কৰি দেহত শক্তি বৃদ্ধি কৰে। ই শৰীৰৰ সকলো ধৰণৰ ৰোগ নিয়ন্ত্ৰণ কৰি শৰীৰক সবল কৰি ৰখাত সহায় কৰে।
এণ্টিঅক্সিডেণ্ট
চজিনা পাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। ই মগজুৰ স্নায়ুৰ অৱক্ষয় ৰোধ কৰি স্মৃতিশক্তি সতেজ কৰি ৰখাত সহায় কৰে।
হজমৰ সমস্যা ৰোধ
হজমৰ সমস্যা ৰোধত চজিনা বৰ উপকাৰী। পেটৰ সমস্যা বা হজমৰ সমস্যা থকাসকলে চজিনা পাতৰ তৰকাৰী খালে যথেষ্টখিনি সকাহ পায়। ই ডায়বেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী।
হাড় মজবুত কৰে
চজিনাত অধিক পৰিমাণে কেলচিয়াম আৰু আইৰণ থাকে। যিয়ে হাড় শক্তিশালী হোৱাত সহায় কৰে। যদি আপুনি নিয়মিতভাৱে চজিনা খায় তেন্তে ই হাড়ৰ ঘনত্বৰ খহনীয়া ৰোধ কৰাৰ সহায়ক হ’ব।
শ্বাস–প্ৰশ্বাসজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে
শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত চজিনা পাত যথেষ্ট উপকাৰী। ইয়াৰ উপৰি ইয়াত ভিটামিন চি থাকে যিয়ে এলাৰ্জীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।