এসময়ত মানুহে উদযাপনৰ বাবে লাড়ু বা মিঠাই বিতৰণ কৰিছিল যদিও এতিয়া সময় সলনি হৈছে। এতিয়া উৎসৱ আৰু সুখৰ অনুষ্ঠানৰ সময়ত মানুহে মিঠাইৰ সলনি চকলেট খাবলৈ বেছি পছন্দ কৰে।
বহুতে চকলেটক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে। অৱশ্যে আমেৰিকাৰ বিজ্ঞানীসকলৰ এক অধ্যয়নত চকলেট প্ৰেমীসকলৰ বাবে এটা বেয়া খবৰ পোহৰলৈ আহিছে। বহুতো চকলেট সামগ্ৰীত বিষাক্ত ধাতু পোৱা গৈছে। যিবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজ্জনক হ’ব পাৰে।
নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি, ৱাশ্বিংটন ইউনিভাৰ্চিটি অৱ আমেৰিকাই কৰা এক গৱেষণাত চকলেটৰ পৰা তৈয়াৰী বহু সামগ্ৰীত অত্যধিক পৰিমাণৰ বিষাক্ত দ্ৰব্য পোৱা গৈছে।
এই অধ্যয়নত বিজ্ঞানীসকলে ৮ বছৰ ধৰি ক’কৰ পৰা তৈয়াৰী ৭২ টা সামগ্ৰী পৰীক্ষা কৰিছিল। য’ত ডাৰ্ক চকলেটকো অন্তৰ্ভুক্ত কৰা হৈছিল। গৱেষকসকলে চকলেটৰ পৰা তৈয়াৰী ৪৩% সামগ্ৰীত বিষাক্ত দ্ৰব্যৰ পৰিমাণ নিৰ্ধাৰিত সীমাতকৈ অধিক আছিল ।
আনহাতে, ৩৫% সামগ্ৰীত কেডমিয়ামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক আছিল।