ভাৰতীয় ৰে’ল বিভাগত ইটোৰ পিছত সিটো সমস্যা। এইবাৰ দলঙৰ মাজতে স্বয়ংক্ৰিয়ভাবে বন্ধ হৈ পৰিল এখন ৰে’ল। নিউ জলপাইগুৰিৰ দুৰ্ঘটনাৰ পিছতে আকৌ নতুন সমস্যা ৰে’ল বিভাগত।
আহি থকা অৱস্থাত দলঙৰ মাজত ৰৈ গ’ল এখন ৰে’ল। লগে লগে হাহাকাৰ লাগিল ৰে’ল চালকৰ। নিজৰ জীৱনৰ কথা নাভাবি দলঙৰ ওপৰত থকা ট্ৰেক বগাই ঠিক কৰাত লাগি গ’ল ল’ক পাইলট। ৰে’লৰ তলত সোমাই চালকে প্ৰত্যক্ষ কৰিলে ইঞ্জিনৰ লিকেজ। ইঞ্জিৰ প্ৰেছাৰ লিকেজ ঠিক কৰাৰ পিছতহে আৰম্ভ হ’ল পুনৰ ৰে’ল যাত্ৰা।
এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰত। আহি থকা অৱস্থাতে দলঙৰ একেবাৰে মাজত ৰৈ গৈছিল ৰে’লখন। চালকজনৰ উপস্থিত বুদ্ধিৰ বাবে পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হয় ৰে’লখন। যাৰ বাবে ল’ক’ পাইলটজনক পুৰষ্কাৰ দিব বুলিও ঘোষণা কৰিছে ৰে’ল বিভাগে।
বাল্মিকী নগৰ আৰু পানিয়াবা ষ্টেশ্যনৰ মাজত থকা এখন দলঙৰ মাজত ৰে’লখনৰ আনলোডাৰ বাল্বৰ পৰা এয়াৰ প্ৰেছাৰ লীক হ’বলৈ ধৰে। যাৰ বাবে দলঙৰ মাজতে ৰৈ গৈছিল ৰে’লখন। দলঙৰ মাজত ইঞ্জিনৰ কাষলৈ যাবৰ বাবে নাছিল কোনো ঠাই। সেয়ে ল’ক’ পাইলটজনে ৰে’লখনৰ তলে তলে বগাই গৈ উপস্থিত হৈছিল ইঞ্জিনৰ তলত। ইয়াৰ পিছতে ৰে’লৰ তলত বাগৰি লিকেজ ঠিক কৰাৰ পিছতে পুনৰ যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনে।