১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থাৰ বিষয়ে নৱপ্ৰজন্মক জনাবলৈ আগবাঢ়িছে এগৰাকী মুখ্যমন্ত্ৰী। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে জানিব লাগিব ১৯৭৫ত কংগ্ৰেছ চৰকাৰে ঘোষণা কৰা ইমাৰজেন্সীৰ কথা।
স্কুলৰ পাঠ্যক্ৰমত সংযোজিত কৰিব ১৯৭৫ত কংগ্ৰেছে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা। মধ্যপ্ৰদেশৰ স্কুলৰ পাঠ্যক্ৰমত কংগ্ৰেছে তেতিয়া দিয়া জৰুৰীকালীন অৱস্থাৰ বিষয়ে তুলি ধৰিব চৰকাৰে। এটা চেপ্তাৰত উল্লেখ থাকিব ইমাৰজেন্সীৰ কথা। এই বিষয়ত থাকিব ১৯৭৫চনত কংগ্ৰেছে দিয়া জৰুৰীকালীন অৱস্থাৰ সময়ত চলোৱা দমনমূলক অত্যাচাৰৰ প্ৰসংগ। সেই সময়ত কাৰাগাৰে কাৰাগাৰে প্ৰতিবাদকাৰীক ভৰাই থোৱা তথ্যসমূহ থাকিব উল্লেখ। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদবৰ মতে ১৯৭৫ৰ পৰা ১৯৭৭চনৰ মাজৰ সময়খিনিত চলা সংঘৰ্ষ আৰু অত্যাচাৰ কথা জানিব লাগে শিক্ষাৰ্থীয়ে। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া লোকৰ সৈতে কৰা দমনমূলক আচৰণ কথা জানিব লাগিব শিক্ষাৰ্থীয়ে। কংগ্ৰেছে সেইসময়ত তৎকালীনভাবে লোৱা কঠোৰৰ পৰা কঠোৰ সিদ্ধান্তৰ কথা সন্নিবিষ্ট থাকিব পাঠ্যক্ৰমত।