জম্মু-কাশ্মীৰৰ ডোডা জিলাত সোমবাৰে নিশা সন্ত্ৰাসবাদীৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন মেজৰসহ চাৰিজন সেনা জোৱান শ্বহীদ হয়।
ভাৰতীয় সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি, সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ডোডাৰ ডেছা অঞ্চলত যৌথ অভিযান আৰম্ভ কৰে।
সোমবাৰে নিশা সেনাৰ তৰফৰ পৰা এক্সযোগে কৰা পোষ্ট অনুসৰি, ‘নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীৰ সৈতে প্ৰচণ্ড গুলীচালনা হয়।’
নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এই সংঘৰ্ষত চাৰিজন ভাৰতীয় সেনা জোৱান শ্বহীদ হয় বুলি সেনাৰ তৰফৰ পৰা নিশ্চিতি প্ৰদান কৰা হৈছে।
এই পৰ্যন্ত সন্ত্ৰাসবাদী দলটোৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও নিৰাপত্তাৰক্ষীৰ এটা বৃহত দলে অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই আছে।
উল্লেখ্য যে, যোৱা সপ্তাহত কথুৱা জিলাত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত পাঁচজন জোৱান শ্বহীদ হোৱাৰ পিছত জম্মু অঞ্চলত এইটোৱেই আছিল দ্বিতীয়টো বৃহৎ এনকাউণ্টাৰ।