উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ পৰা আহিছে এটা দুখজনক খবৰ। বৰেলী জিলাৰ এটা ঘৰৰ চাদত ১১০০০ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ চিগি পৰাৰ ফলত এগৰাকী মহিলা আৰু তেওঁৰ কন্যাৰ কৰুণ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালত হুৱাদুৱাৰ সৃষ্টি হয়। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি যেতিয়া আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় তেতিয়া গাঁওবাসীৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয় আৰক্ষীৰ দলটো।
কিন্তু ক্ষুব্ধ পৰিয়ালৰ লোক তথা গাঁওবাসীৰ ক্ষোভ নিয়ন্ত্ৰণ কৰাৰ পিছত আৰক্ষীয়ে মাতৃ-কন্যাৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
একে সময়তে বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাঁওবাসীয়ে।