অৱশেষত বহু উৎকণ্ঠাৰ অন্ত পেলাই জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল সোনাক্ষী সিনহা। বহু বিতৰ্কৰ অন্তত বিবাহ পঞ্জীয়ন কৰি যুগ্ম জীৱন আৰম্ভ কৰিলে শত্ৰুঘ্ন সিনহাৰ তনয়াই।
২৩ জুন দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা বাসগৃহত জাহিৰৰ সৈতে সোনাক্ষীৰ বিবাহ সম্পন্ন হয়। এই বিয়াখনত কেৱল দুয়োটা পৰিয়ালৰ লগতে ঘনিষ্ঠ লোকসকলহে উপস্থিত থাকে। বিয়াৰ পিছতে গ্ৰেণ্ড অভ্যৰ্থনা পাৰ্টীৰ আয়োজন কৰা হয়। এই পাৰ্টীত ছলমান খানকে ধৰি বলিউদৰ বহু নামি-দামী তাৰকা উপস্থিত থাকে। হানী সিং, ৰেখা, কাজল, ৰবীনা টেণ্ডনসহ বহু বলিউদ তাৰকা উপস্থিত থাকে সোনাক্ষী সিনহাৰ বিয়াৰ পাৰ্টীত। কন্যা যাতে সদায়ে শান্তি আৰু সুখত থাকে আশীৰ্বাদ দিয়ে পিতৃ শত্ৰুঘ্ন সিনহাই। সোনাক্ষীৰ বিয়াৰ ৰীতি নিয়ম, সমস্ত দায়িত্ব পালন কৰিলে পিতৃ শত্ৰুঘ্ন সিনহা আৰু মাতৃয়ে।