দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰিলে ঐতিহাসিক ৰায়দান। ইছলাম ধৰ্মালম্বী মহিলাৰ সপেক্ষে এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ৰ ৰায়দান অনুসৰি চিআৰপিচিৰ ধাৰা ১২৫ ৰ অধীনত স্বামীৰ পৰা বিবাহ বিচ্ছেদ হোৱা মহিলাই ভৰণ-পোষণৰ বাবদ মাহিলী ভাত্তা বিচাৰি আবেদন দাখিল কৰাৰ অধিকাৰ আছে।
ন্যায়াধীশ বিভি নাগাৰাথনা আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মাছিহে এই ৰায় প্ৰদান কৰে। সৰ্বসন্মত ৰায় প্ৰদান কৰি কয় যে, চিৰআৰপিচিৰ ধাৰা ১২৫ সকলো মহিলাৰ বাবে প্ৰযোজ্য হ’ব।
আব্দুল সমদ নামৰ তেলেংগানাৰ এজন মুছলমান ব্যক্তিয়ে তেওঁৰ বিবাহ বিচ্ছেদ পত্নীক মাহিলী ১০,০০০ টকা দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।
উচ্চতম ন্যায়ালয়ে গোচৰটোৰ ৰায়দানত সকলো মহিলাৰ বাবে চিআৰপিচিৰ ধাৰা ১২৫ প্ৰযোজ্য হোৱাটো বাঞ্চনীয় বুলি ৰায়দান দিয়ে।
উল্লেখ্য যে, চিআৰপিচি ১২৫ নং ধাৰাত পত্নী, সন্তান তথা পিতৃ-মাতৃৰ ভৰণ-পোষণৰ বাবে সবিস্তাৰে বৰ্ণনা কৰা হৈছে।