জম্মু-কাশ্মীৰৰ উৰিত ভয়ানক ঘটনা। সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে ভয়ানক সংঘৰ্ষ। দুটাকৈ সন্ত্ৰাসবাদীক গুলীয়ালে সেনাই। LoC পাৰ কৰা চেষ্টা কৰিছিল সন্ত্ৰাসবাদীয়ে। ভাৰতৰ ভিতৰত প্ৰৱেশ কৰি কূটাঘাতৰ পৰিকল্পনা কৰা খোজা দুটাকৈ সন্ত্ৰাসবাদীক গুলীয়ালে সেনাই। এই ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰিৰ গোহলান এলেকাত। সুৰক্ষাকৰ্মীয়ে LoCৰ উৰি ছেক্টৰত গুলীয়াই নিহত কৰে দুয়োটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক।
এই এনকাউণ্টাৰৰ পূৰ্বে তিনিদিন পূৰ্বে ১৯ জুনত উত্তৰ কাশ্মীৰৰ ছপোৰত সন্ত্ৰাসবাদী আৰু সুৰক্ষাকৰ্মীৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ। পূৰ্বে হোৱা এনকাউণ্টাৰতো নিহত হৈছিল দুজনকৈ সন্ত্ৰাসবাদী।