অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। ৰাজ্যত বিভিন্ন প্ৰান্তত অব্যাহত উচ্চেদ অভিযান। নামনি, মধ্য অসমৰ পাছত এইবাৰ উজনিতো উচ্চেদৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰ তথা প্ৰশাসনে।
‘য’তেই বেদখলকাৰী থাকিব ত’তেই উচ্ছেদ চলিব, কেৱল খিলঞ্জীয়াসকলে মিঞাক আশ্ৰয় দিব নালাগিব’। ‘বেদখলকাৰীৰ ওপৰত উচ্ছেদ চলিবই’, এইবুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এনেকৈয়ে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসনী চৰৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ বেদখলকাৰীৰ ভয়ত চিন্তিত হৈ পৰিছে গো-পালক আৰু ম’হ পালকসকল। ইতিমধ্যে ঘাঁহৰ অভাৱত কেইবাটাও ম’হৰ মৃত্যু হোৱা ভয়ংকৰ অভিযোগ দিয়ে পালকসকলে।
হাজো ৰাজহ চক্ৰৰ তদানীন্তন চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগে গো-পালকৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি অলপতে গ্ৰেজিং ৰিজাৰ্ভত বসতি স্থাপন কৰা কেইবাটাও সন্দেহ জনক নাগৰিকৰ বাসগৃহ উচ্ছেদ কৰিছিল। পিছে ইমানখিনিৰ পিছতো মিঞাই কেৰেপ কৰা নাই প্ৰশাসনক।
একাংশ স্থানীয় মধ্যভোগীয়ে এই সন্দেহজনক নাগৰিকৰ ওচৰত শ-শ বিঘা ভূমি লীজত দি একপ্ৰকাৰ মিঞাক বৰপীৰা পাৰি দিছে বুলি অভিযোগ কৰিছে গো-পালক সকলে। যাৰফলত গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দিনক-দিনে সংকুচিত হৈ আহিছে ভয়ংকৰ অভিযোগ দিয়ে গো-পালকসকলে। আনকি মিঞাই এই চৰনীয়া পথাৰত হাল বাই খেতিও কৰা আৰম্ভ কৰিছে বুলি কয়।
যাৰ বাবে এতিয়া গো-পালক তথা ম’হ-পালসককে চৰণীয়া পথাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাক্ষসনী চৰত চনু আলী আৰু চিন্তু বৰ্মনৰ দপদপনি চলে বুলি আন এক গুৰুতৰ আনে গো-পালকসকলে। গ্ৰেজিং ৰিজাৰ্ভৰ ১৬০০ বিঘা ভূমিৰ অধিকাংশ ভূমিয়ে এতিয়া বেদখলকাৰীৰ কবলত আছে বুলি অভিযোগ আনে।
গতিকে অতি শীঘ্ৰে চৰণীয়া পথাৰ বেদখলমুক্ত কৰি থলুৱা ম’হপালক তথা গো-পালকৰ বাবে মুকলি কৰি দিবলৈ কামৰূপ জিলাৰ আয়ুক্ত গৰাকীক দাবী জনাইছে স্থানীয় গো-পালকসকলে।











