বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে পুনৰ চলাইছে অভিযান। বাল্যবিবাহৰ বিৰুদ্ধে শনিবাৰে নিশা চলোৱা তৃতীয় পৰ্যায়ৰ অভিযানত ৪১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।
অভিযানৰ পিছত আৰক্ষীয়ে ৩৩৫টা গোচৰ পঞ্জীয়ন কৰিছে আৰু দেওবাৰে গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হ’ব।
‘বাল্যবিবাহৰ বিৰুদ্ধে অসমৰ যুঁজ অব্যাহত আছে। ২১-২২ ডিচেম্বৰৰ নিশা চলা তৃতীয় পৰ্যায়ৰ অভিযানত ৪১৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩৩৫টা গোচৰ পঞ্জীয়ন কৰা হয়। ধৃত ব্যক্তিকেইজনক আজি আদালতত হাজিৰ কৰোৱা হ’ব। এই সামাজিক দুষ্টতাৰ অন্ত পেলাবলৈ আমি সাহসী পদক্ষেপ গ্ৰহণ কৰি যাম’, সামাজিক মাধ্যম এক্সযোগে এই প’ষ্ট কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
ৰাজ্য চৰকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত দুটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ফেব্ৰুৱাৰী মাহত প্ৰথম পৰ্যায়ত ৩,৪৮৩ জন লোক গ্ৰেপ্তাৰ কৰা হয় আৰু ৪,৫১৫ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে অক্টোবৰ মাহত চলা দ্বিতীয় পৰ্যায়ৰ অভিযানত ৯১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৭১০ টা গোচৰ পঞ্জীয়ন কৰা হয়।