যৌতুকৰ বাবে এগৰাকী মহিলাক কুঁৱাত পেলাই ভয়ংকৰ কাণ্ড সংঘটিত কৰা হয়। মহিলাগৰাকীক শেষ কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁৰ স্বামীক।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাছাৰৰ বিন্নাকান্দি খালকুৰি গাঁৱত। মৃত মহিলাগৰাকীৰ নাম হৈছে ৰিতু গোয়ালা। জানিব পৰা মতে, ২০২২ চনত বিন্নাকান্দি খালকুৰি গাঁৱৰ ৰঞ্জিত গোয়ালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাছাৰৰ বাদ্ৰীবস্তিৰ ৰিতু গোয়ালাৰ৷
অভিযোগ অনুসৰি, বিবাহৰ পিছৰে পৰা যৌতুকৰ দাবীত পত্নীৰ ওপৰত শাৰীৰিক আৰু মানষিক নিৰ্যাতন চলাই আহিছিল স্বামী ৰঞ্জিত গোয়ালাই। যোৱা ২৬ জুনত সন্ধিয়া স্বামী ৰঞ্জিত গোয়ালাই তেওঁৰ শহুৰৰ ঘৰত ফোন কৰি জনাই যে ৰিতু গোয়ালাই কুঁৱাত জাঁপ দি নিজকে শেষ কৰিছে। ঘটনাৰ খৱৰ পাই ততাতৈয়াকৈ মহিলাগৰাকীৰ পৰিয়ালৰ লোক ঘটনাস্থলীত গৈ উপস্থিত হয়। তাত তেওঁলোকে দেখে যে, ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ পাছত তেওঁলোক মেডিকেল কলেজলৈ যায়। তাত গৈ তেওঁলোকে মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে। মৃতকৰ পৰিয়ালে স্বামী ৰঞ্জিত গোয়ালাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি লক্ষীপুৰ আৰক্ষী চকীত এক গোচৰো ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী ৰঞ্জিত গোয়ালাক। মৃত ৰিতু গোয়ালৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী ৰঞ্জিত গোয়ালাই পৰিকল্পিতভাৱে ৰিতুক কুঁৱাত পেলাই হ*ত্যা কৰি এই ঘটনাক আ*ত্ম*হ*ত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। যৌতুকৰ বাবে বিবাহৰ পিছৰে পৰা ৰিতুৰ ওপৰত স্বামী ৰঞ্জিত গোয়ালাই নিৰ্যাতন চলাই আহিছে বুলি অভিযোগ কৰে মৃতকৰ পৰিয়ালে। হ*ত্যা*কা*ৰী স্বামীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় মৃত ৰিতু গোয়ালৰ পৰিয়ালে৷